জানিবলগীয়া দৰকাৰী কথা :
1. দৈ সোনকালে আৰু ভালদৰে পাতিবলৈ গাখীৰত কেচাঁ জলকীয়াৰ ঠাৰি কেইটামান পেলাই দিব লাগে ৷
3. পিয়াঁজক কাটি বাল্ব বা টিউব লাইটৰ লগত বান্ধি থলে মহ আৰু জেঠীপোক নাহে আৰু ময়ুৰ চৰাইৰ পাখি ঘৰৰ কোনোবা ঠাইত থলে জেঠীপোক নাহে ৷
4. যদি ফ্ৰিজত কোনো ধৰণৰ গোন্ধ ওলায় তেনেহ'লে আধা কটা নেমু ফ্ৰিজত ৰাখিলে গোন্ধ নাইকিয়া হৈ যায় ৷
5. চাউল উতল কৰাৰ সময়ত যদি ২ টোপাল মান নেমুৰ ৰস দিয়া হয় তেন্তে চাউলবোৰ ফুলি উঠে আৰু আঠা লাগি নধৰে ৷
6. চেনীৰ ভৈয়ামত তিনি বা চাৰি টুকুৰা লং ৰাখিলে পিপৰা নাহে ৷
7. বাৰিষাৰ দিনত নিমখ গলি যায় বা ভিজা ভিজা যেন হয় ৷ নিমখৰ ভৈয়ামত ৪-৫ টা মান চাউল দিলে কম গলিব ৷
8. আটা ঘুলা বা মৰাৰ সময়ত পানীৰ লগত যদি অলপ গাখীৰ দিয়া হয় তেন্তে ৰুটি বা পৰঠাৰ সোৱাদ বেলেগ হয় ৷
সুন্দৰ । ভাল লাগিল । বৰপেটাৰ পৰা
ReplyDelete