শেহতীয়া লিখনি

ads

মন্তব্য

Gallery

ads header
ad inner footer

Column Right

Feat

Carousel

আজিৰ দিনটো

হৰ্ণবিল (ধনেশ পক্ষী) উৎসৱ কি ?

Post a Comment
হৰ্ণবিল হৈছে নাগালেণ্ডৰ এটি উৎসৱ ৷
ৰাজ্যখনৰ জনজাতি সমূহৰ মাজত সমন্বয় আৰু ৰাজ্যৰ কলা কৃষ্টি প্ৰসাৰৰ উদ্দেশ্যে ২০০০ চনত নাগালেণ্ড চৰকাৰে এই উৎসৱ আৰম্ভ কৰে । বৰ্তমানে ৰাজ্যৰ পৰ্যতন আৰু কৃষ্টি বিভাগে আয়োজন কৰা উৎসৱটিত একেখন মঞ্চতে ৰাজ্যখনৰ সকলোবোৰ জনজাতিৰ কলা কৃষ্টিৰ সমাহাৰ দেখিবলৈ পোৱা যায়।


প্ৰতি বছৰে ১ৰ পৰা ৭ ডিচেম্বৰলৈকে হৰ্ণবিল উৎসৱ পালন কৰা হয় । ক’হিমাৰ পৰা ১২ কিমি দূৰত থকা ঐতিহ্যমণ্ডিত নগা গাওঁ কিছামাত এই সপ্তাহযোৰা উৎসৱটি পালন কৰা হয়। নগালেণ্ডৰ প্ৰায় সকলোবোৰ জনজাতিয়েই এই উৎসৱত ভাগ লোৱা দেখা যায়, ৰাজ্যখনৰ কলা-কৃষ্টি আৰু পৰম্পৰাৰ প্ৰদৰ্শনেই উৎসৱটিৰ মূল লক্ষ্য ।

ভাৰতত পোৱা ধনেশ পক্ষী (Great Indian Hornbill )ৰ নামেৰে এই উৎসৱটিৰ নাম ৰখা হৈছে। যাৰ উল্লেখ ৰাজ্যৰ প্ৰায়বোৰ জনজাতিৰেই লোকসংগীতত দেখিবলৈ পোৱা যায়। চিত্ৰশিল্প, কাঠৰ শিল্প, আন আন ভাষ্কৰ্য, খাদ্যসম্ভাৰ আদিৰ প্ৰদৰ্শনী উৎসৱটিত দেখিবলৈ পোৱা যায়, তাৰোপৰি বিভিন্ন পৰপ্মৰাগত সজূঁলি, বনৌষধ, ফুল আদিৰো প্ৰদৰ্শনীৰ লগতে বিক্ৰী হয়, সোন্দৰ্য প্ৰতিযোগিতা, ফেশ্বন প্ৰতিযোগিতা, কাড়ঁ মৰা প্ৰতিযোগিতা, মল্লযুদ্ধ, সংগীতানুষ্ঠান, গাহৰি মঙহ খোৱা প্ৰতিযোগিতা, কঁয়াক সকলৰ জুই ভক্ষণ কৰা প্ৰতিযোগিতা, সাহিত্য প্ৰতিযোগিতা আৰু সাহিত্যালোচনা, হৰ্ণবিল ক’ৰেল পেন’ৰমা, হৰ্ণবিল গ্ল’বেল চলচিত্ৰ মহোৎসৱ, উত্তৰ পূৰ্বীয় ঢোলৰ সমূহীয়া বাদন, নগা জলকীয়া খোৱা প্ৰতিযোগিতা, হৰ্ণবিল জাতীয় পাহাৰ বগোৱা প্ৰতিযোগিতা, হৰ্ণবিল আন্তঃৰাষ্ট্ৰীয় মটৰ ৰেলী আৰু WW-II ভিন্টেজ কাৰ ৰেলী আদি হৈছে ধনেশ উৎসৱত অনুস্থিত হোৱা আন আন অনুষ্ঠান ৷
[সংগৃহীত]

Related Posts

Post a Comment

Responsive Ads Here