শেহতীয়া লিখনি

ads

মন্তব্য

Gallery

ads header
ad inner footer

Column Right

Feat

Carousel

আজিৰ দিনটো

ভঠেলি উৎসৱ কি ?

Post a Comment
ভঠেলি হ’ল হিন্দু ধৰ্মত প্ৰচলিত বাঁহ গছক দেৱতা জ্ঞান কৰি কৰা এক ধৰণৰ পূজা । প্ৰধানকৈ নামনি অসমত এই পূজাৰ প্ৰচলন দেখা যায় ৷ প্ৰাচীন কালৰ পৰাই ভাৰতৰ বিভিন্ন সংস্কৃতিত বিভিন্ন গছ পূজাৰ প্ৰচলন আছে । বিশ্বাস অনুসৰি ঠাই ভেদে মানুহে বিভিন্ন গছক পূজা কৰে ।

ভাৰতৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলে বছৰটোৰ বিভিন্ন সময়ত বিভিন্ন গছ-গছনিক দেৱ-দেৱীৰ প্ৰতীক হিচাপে লৈ পূজা কৰে । বহাগ বিহুক কেন্দ্ৰ কৰি অসমত বাঁহ গছক কৰা পূজাকেই ভঠেলি উৎসৱ বুলি জনা যায় । বিশেষকৈ নামনি অসমৰ কামৰূপ নলবাৰী আৰু বাক্সা জিলাত বহাগ মাহত এই উৎসৱ ধুমধামেৰে পালন কৰা হয় ।
বহাগৰ এক নিৰ্দ্দিষ্ট দিনত বেলেগ বেলেগ গাওঁত এই উৎসৱ এদিনীয়াকৈ পালন কৰা হয় । কোনো জাকজমকতা নকৰাকৈ উদ্‌যাপিত হৈ অহা এই ভঠেলি উৎসৱৰ দিনা পুৱাৰ ভাগতে গাঁৱৰ ডেকা-চেমনীয়া ল’ৰাহঁতে জাতি বাঁহ এডাল আগলি নকটাকৈ মূঢ়াৰ সৈতে উভালি আনি ভালদৰে চাঁচি-চুৰুকি ধুই পখালি লয় । তাৰ পিছত সেই বাঁহডাল ৰং-বিৰঙৰ কাপোৰেৰে মেৰিয়াই ফুলৰ মালা আৰু চোঁৱৰেৰে সজাই তোলে । এই সু-সজ্জিত বাঁহডালক পাউৰা বোলা হয় । মেৰিওৱা কাপোৰখিনিক ‘পাউৰাৰ কাচ’ বুলি কোৱা হয় । পাউৰা অনা মানুহজনে গা ধুই উপবাসে থাকি পবিত্ৰ সাজ পৰিধান কৰি পাউৰাটো কান্ধত তুলি ভঠেলি খোলালৈ আনে । পিছত শংখ, ঘন্টা, বৰকাঁহ, ঢোল, খোল, তাল, আয়তীসকলৰ উৰুলি, হৰিধ্বনি আদি মাংগলিক ধ্বনিৰ মাজত ৰং-ৰহইচৰ মাজেৰে আটায়ে এই সু-সজ্জিত বাঁহডালক তুলি দি গুৰিটো পুতি দিয়ে । সাধাৰণতে গাঁৱৰ নামঘৰ বা থান আদিত উমৈহতীয়া ঠাইত থকা ভঠেলি উৎসৱ খোলাৰ ডাঙৰ গছত সু-সজ্জিত বাঁহডাল ওলোমাই ৰখা হয় ।

ভঠেলিৰ দিনা ৰাতিপুৱাই ডেকা ল’ৰাহঁতে ভঠেলি খোলাৰ একাষে এটি বাঁহৰ খুটি পুতি খুটিটোৰ মূৰত কলৰ ছটিয়াৰে এটি এঢলীয়া ঘৰ সাজে । এই ঘৰটোক ভঠেলি বোলা হয় । ঘৰটোৰ ভিতৰত এখন ডাঙৰ পীৰাৰ ওপৰত নতুন বিহুৱান এখন দি তাৰ ওপৰত একলহ চাউল, এথোক কল, এথোক তামোল, বিশ মুঠি পাণ, নাৰিকল, ফলমূল আদি ৰখা হয় । ধূপ-ধুনা জ্বলাই এই ঘৰটোত বাঁহদেৱতা অগ্নিলৈ এখন নৈবদ্য আগবঢ়াই তাতেই নাম-প্ৰসংগ কৰি নতুন বছৰটোত যাতে সকলো ভালে-কুশলে থাকিব পাৰে, তাৰ বাবে আশীষ বিচাৰে ।

সাতামপুৰুষীয়া ভঠেলি উৎসৱ চোৱাৰ বাবে ডেকা-বুঢ়া সকলোৱে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে বাটকুৰি বাই আহে। এই জাতীয় উৎসৱ ভঠেলিত লোকাচাৰ আৰু ৰং-ধেমালিৰ প্ৰাচুৰ্য্য আছে । কিন্তু ইয়াত তন্ত্ৰ-মন্ত্ৰৰ প্ৰচলন একেবাৰেই নাই । দুপৰীয়াৰ পৰা চলা ভঠেলি উৎসৱ সন্ধিয়াৰ লগে লগে সামৰণি পৰে। ভঠেলিৰ পৰা নিজ নিজ ঘৰলৈ ঘূৰি যাওঁতে প্ৰতিজন মানুহে ‘পাউৰা’ৰ গুৰিৰ মাটি আনি নিজ ঘৰৰ হাঁহ-পাৰৰ বাঁহত থয়। বিশ্বাস অনুসৰি এই মাটি হাঁহ-পাৰৰ বাঁহত থ’লে হেনো কণী, পোৱালি আদিৰ একো অনিষ্ট নহয়। এই ভঠেলি উৎসৱত জিলাপী খোৱা আৰু ঘৰলৈ নিয়া আন এক আনন্দ ।

গধুলি নামি অহাৰ লগে লগে ডেকা-ল’ৰাহঁতে ভঠেলি ঘৰটোৰ পৰা ভিতৰৰ বস্তুবোৰ আঁতৰাই আগতে সাজু কৰি থোৱা বাঁহৰ লাঠিৰে ঘৰটো কোবাই কোবাই ভাঙি আনন্দ কৰে। ইয়াক ভঠেলি ভগা বুলি কোৱা হয় । উৎসৱ শেষ হোৱাৰ লগে লগে গাঁৱৰ ডেকা ল’ৰাহঁতে ‘পাউৰা’ কান্ধত লৈ নামৰ পদ গাই গাই ঘৰে ঘৰে লৈ ফুৰায় । প্ৰতিঘৰ মানুহৰ জীয়ৰী-বোৱাৰীয়ে এই ‘পাউৰা’ক ভক্তি সহকাৰে সেৱা কৰে । থাল এখনত ফাকু লৈ ডেকাহঁতে সেৱা কৰাসকলক ফাকুৰ ফোঁট দিয়ে আৰু পৰিয়ালৰ লোকসকলে সেই থালখনত কিছু টকা পইচা আগবঢ়ায়। এই ‘পাউৰা’টো পিছত নামঘৰৰ কামত ব্যৱহাৰ কৰা হয় ।

■ কেইখনমান উল্লেখযোগ্য ভঠেলি উৎসৱ :

● কামৰূপ জিলাৰ ৰামদিয়াৰ কুৰিদিনীয়া ভঠেলি উৎসৱ ।
● নলবাৰী জিলাৰ বেলশৰৰ কুৰিদিনীয়া ভঠেলি উৎসৱ ।
● বৰনৰ্দীৰ ষোল্লদিনীয়া ভঠেলি উৎসৱ ।
● বাটসৰৰ চৈধ্যদিনীয়া ভঠেলি উৎসৱ ।

[সংগৃহীত]

Related Posts

Post a Comment

Responsive Ads Here