শেহতীয়া লিখনি

ads

মন্তব্য

Gallery

ads header
ad inner footer

Column Right

Feat

Carousel

আজিৰ দিনটো

১. মাখিয়তি

Post a Comment
মাখিয়তিৰ গছবিধ প্ৰধানকৈ জোপোহা বা গুল্মজাতীয় বন যদিও ই ১০-১২ ফুট ওখ আৰু বৃক্ষবৎ ৰূপেও দেখা যায় । পাতবোৰ সৰু আৰু ওপৰ পিঠি নিমজ কিন্তু তলপিঠিত অসংখ্য সৰু সৰু শুং থাকে বাবে কিছু খহটা । পাতৰ সিৰা-উপসিৰাবোৰ স্পষ্ট । ফেব্ৰুৱাৰী-মাৰ্চ মাহত ইয়াত ফুল ফুলে ।


ফুল সৰু, গুলপীয়া-বেঙুনীয়া বৰণৰ আৰু পাতৰ কক্ষত দীঘল পুষ্পাক্ষত সজোৱা থাকে আৰু মুগা বৰণীয়া ঢকুৱা আকৃতিৰ বেটুপাতেৰে ঢকা। ইয়াৰ ফল ছেই জাতীয় আৰু মিহি শুঙেৰে আবৃত ৷

■ ঔষধি গুণ :
মাখিয়তীৰ শিপাৰ ৰস বা ইয়াৰ ক্কাথ মৃগীৰোগ, হিষ্টিৰিয়া আদিৰ বাবে উপকাৰী । খৰ সদৃশ চৰ্মৰোগতো ইয়াৰ শিপাৰ পৰা নিঃসৰিত ৰস লেপন হিচাপে ব্যবহাৰ কৰা হয় । তাৰোপৰি ইয়াৰ পাত বটি লেই তৈয়াৰ কৰি ছালত লগালে বিভিন্ন চৰ্মৰোগৰ পৰা উপশম পোৱা যায় । জ্বৰ-কাঁহৰ বাবে এই গছৰ শিপা ভোটএৰাৰ শিপা, জালুক আৰু পিপলিৰ লগত খাব লাগে । পেট বিষ বা পেট কামুৰণিৰ বাবে এই গছৰ শিপাৰ কাথন্দা, তিতাভেঁকুৰী আৰু গোলনেমুৰ সিজাই তাৰপৰা প্ৰস্তুত কৰা ৰস খাব লাগে । তাৰোপৰি মাখিয়তী গছৰ শিপা আৰু পাতেৰে সৈতে তাৰ ফল (বিশেষকৈ ফলৰ বাকলি) পানীত তিয়াই থৈ ৰস উলিয়াই সেই ৰস নাকত দিলে মৃগী ৰোগত মূৰ্চা যোৱা ৰোগী সুস্থ হয় I

■ ৰঙালী বিহু আৰু মাখিয়তী :
অসমৰ জাতীয় উৎসৱ ৰঙালী বিহুত গৰু বিহুৰ দিনাখন দীঘলতী আৰু মাখিয়তীৰে কোবাই গৰু ধোওৱাটো এটা পৰম্পৰা । তাৰোপৰি সন্ধিয়া গোহালিত মাখিয়তিৰ জাগ দিয়া হয়। ইয়াৰ ধোঁৱাই সহজে মহ-ডাঁহ, মাখি আদিৰ পৰা ঘৰচীয়া জীৱ-জন্তুৰ লগতে মানুহকো ৰক্ষা কৰে ।

[সংগৃহীত]

Related Posts

Post a Comment

Responsive Ads Here