মৃত্যু সময়ত দেহত মাংসপেশীৰ এক কম্পন সৃষ্টি হয় ৷ এই কম্পনৰ কাৰণে দুই পাৰি দাঁত কামোৰ খাই লাগি ধৰে ৷ ফলত ভিতৰৰ পৰা মুখেৰে কোনো জুলীয়া পদাৰ্থ ওলাই আহিব নোৱাৰে ৷ একেধৰণে পায়ু সংবৰণী বা শৌচ নলীত সাল-সলনি ঘটি পায়ু নলীও বন্ধ হৈ পৰে ৷
যদিহে এইবোৰ অংগ অসুস্থ থাকে, অৰ্থাৎ ৰোগী এজনৰ এই অংগসমূহ অকামিলা হৈ থাকে, তেনে মৃতদেহৰ ক্ষেত্ৰত অংগবোৰ ঠিলা দি বন্ধ কৰাৰ প্ৰয়োজন হয় ৷ শৰীৰৰ বিভিন্ন অংগই এনে জুলীয়া পদাৰ্থ ওলাব পাৰে ৷ সেই অংগসমূহ হৈছে নাক, কাণ, মুখ, গুহ্যদ্বাৰ ৷
কিন্তু নাকৰ ক্ষেত্ৰত ই ব্যতিক্ৰম পেশীৰ সাল-সলনি ঘটি স্বাভাৱিক ভাৱে জুলীয়া পদাৰ্থ নিৰ্গত হোৱা ৰোধ কৰিবলৈ ইয়াত কোনো উপায় নাথাকে ৷ নাকৰ বিন্ধা বাহিৰৰ পৰা বন্ধ কৰি নিদিলে ডিঙি, হাওঁফাওঁ আৰু নাকৰ ভিতৰৰ পৰা পানী নিৰ্গত হ’বলৈ ল’ব ৷ বিশেষকৈ মূৰটো চাপৰত ৰাখিলে অতি সহজে নিৰ্গত হয় ৷ ফলত এক অস্বাস্থ্যকৰ পৰিবেশ সৃষ্টি হয় ৷ সেইবাবে মৃতদেহৰ নাকৰ ফুটা কপাহ দি বন্ধ কৰা হয় ৷
[সংগৃহীত- ডা° মালিনী বাইদেউৰ পুঠিৰ পৰা]
Post a Comment
Post a Comment