শেহতীয়া লিখনি

ads

মন্তব্য

Gallery

ads header
ad inner footer

Column Right

Feat

Carousel

আজিৰ দিনটো

অসমৰ এবিধ লুপ্তপ্ৰায় টেঙা ফল - কৰ্জা ৷

Post a Comment
কৰ্জা টেঙা (Indian currant, Natal plum, Karunda) এজোপা জোপোহাজাতীয় চিৰসেউজ গছ। ইয়াৰ ফল সামান্য দীঘলীয়া আৰু টেঙা ৷ কৰ্জা টেঙাক অসমীয়াত থেৰেজু বুলিও জনা যায়।

কৰ্জা টেঙাৰ গছ প্ৰায় ২-৩ মিটাৰলৈকে ওখ হয়, জোপোহা আৰু চিৰসেউজীয়া। ডালবোৰ লেহুকা আৰু সামান্য তললৈ হাউলি পৰা। গছজোপা খহতা, মুগাচানেকীয়া আৰু ওপৰৰ চামনিটো সামান্য ফাঁট মেলা। সৰু ঠাল-ঠেঙুলীৰ বৰণ গাঢ় সেউজীয়া আৰু মসৃণ। পাত সৰল, দীঘলে ৩-৭ চেমি আৰু বহলে ২-৩ চেমি, দুখিলাকৈ পাত অভিমুখ সাজোনত সজ্জিত।
পাতৰ দুইকাষ আৰু পিঠি মসৃন আৰু আগটো সামান্য ঘোৰ খোৱা । ডাঠ পাতবোৰৰ আকৃতি আয়তাকাৰ-উপবৃত্তাকাৰ। পাতৰ গুৰিত পাতে ঢাকি ৰখা দুটা দীঘল, জোঙা কাঁইট থাকে । কৰ্জা টেঙাৰ ফুল মাৰ্চ-এপ্ৰিল মাহত ফুলে ৷

গছজোপা মুখ্যতঃ হিমালয় অঞ্চলত ৩০০ ৰ পৰা ১৮০০ মিটাৰলৈকে, শিৱালিক পৰ্বত, পূৰ্বঘাট আৰু পশ্চিমঘাট পৰ্বত, নেপাল, আফগানিস্তান আদিত পোৱা যায়। ইয়াৰ উপৰিও ই অসম, বংগ, ৰাজস্থান আদি ভাৰতৰ বিভিন্ন স্থান, শ্ৰীলংকা আদিতো পোৱা যায়। ইয়াৰ বাবে সাধাৰণতে উষ্ণ অঞ্চলত গজে।

পকা ফলত লো, ভিটামিন চি আৰু পেকটিন থাকে। ই এন্টিস্কৰবিউটিকৰ ভাণ্ডাৰ আৰু শৰীৰত লোৰ ৱৰিপূৰক হিচাবেও ব্যৱহাৰ কৰা হয়। ফল আচাৰ, জাম-জেলি, চৰবত, চাটনি আদি কৰি খাবলৈ ভাল।

(উৎস- অসমীয়া উইকিপিডিয়া)

Related Posts

Post a Comment

Responsive Ads Here