শেহতীয়া লিখনি

ads

মন্তব্য

Gallery

ads header
ad inner footer

Column Right

Feat

Carousel

আজিৰ দিনটো

জাতিংগা- Valley of Death for Birds.

Post a Comment
জাতিংগা হৈছে অসমৰ ডিমা হাছাও জিলাৰ অন্তৰ্গত এখন গাঁও । গুৱাহাটীৰ দক্ষিণে প্ৰায় ৩৩০ কিঃমিঃ দূৰত জাতিংগা অৱস্থিত । এই ঠাই টুকুৰা পক্ষীৰ আত্মহত্যাৰ কেন্দ্ৰ ৰূপে জনাজাত ।
প্ৰকৃততে ইয়াত পক্ষীসমূহে আত্মহত্যা নকৰে । পক্ষীসমূহক স্থানীয় লোকসকলেহে হত্যা কৰে ৷ এই গাঁৱত প্ৰায় ২,৫০০ খাচী জনগোষ্ঠীৰ লোক আৰু কিছু সংখ্যক ডিমাছা লোকে বাস কৰে ।

পক্ষীসমূহৰ ৰহস্যজনক মৃত্যু :-
মৌচুমী ঋতুৰ শেষভাগত, বিশেষকৈ অমাৱস্যা আৰু কুঁৱলীৰে ঢকা ৰাতি ৬বজাৰ পৰা ৯:৩০ বজাৰ ভিতৰত এই ঘটনা হয় । গাঁওবাসীসকলে পক্ষীসমূহক পথভ্ৰষ্ট কৰি পোহৰৰ উৎসলৈ আকৰ্ষিত কৰে । তেওঁলোকে বাঁহৰ খুঁটা ব্যৱহাৰ কৰি পক্ষীসমূহ হত্যা কৰে ৷ এই প্ৰাকৃতিক ঘটনাটোৰ বিষয়ে স্থানীয় জনগোষ্ঠীৰ লোকসকলে ভাৱিছিল যে, আকাশৰ পৰা উৰি আহি আত্মাসমূহে তেওঁলোকৰ মাজত আতংক সৃষ্টি কৰিবৰ বাবে আহে । এই ঘটনাটোত Tiger Bittern, Black Bittern, Little Egret, Pond Heron, Indian Pitta আৰু Kingfisher প্ৰজাতিৰ পক্ষীৰ ক্ষতি হয় ৷
১৯৬০ দশকত প্ৰসিদ্ধ প্ৰকৃতিবিদ স্বৰ্গীয় E. P. Gee-এ এই ঘটনাটো সমগ্ৰ বিশ্বৰ আগত প্ৰকাশ কৰে । তেওঁ প্ৰসিদ্ধ ornithologist স্বৰ্গীয় ছলিম আলি (Salim Ali)ৰ লগত জাতিংগা ভ্ৰমণ কৰে ৷
ভাৰতৰ বিভিন্ন বন্যপ্ৰাণী সংৰক্ষণৰ লগত জড়িত গোটসমূহে পক্ষীসমূহৰ হত্যা ৰোধ কৰিবৰ বাবে অশিক্ষিত গাঁৱবাসী সকলক সচেতন কৰিবৰ বাবে বিভিন্ন প্ৰচেষ্টা হাতত লৈছে। ইয়াৰ পিছত, জাতিংগাত পক্ষীসমূহৰ হত্যা প্ৰায় ৪০% হ্ৰাস পায় ।

Related Posts

Post a Comment

Responsive Ads Here