শেহতীয়া লিখনি

ads

মন্তব্য

Gallery

ads header
ad inner footer

Column Right

Feat

Carousel

আজিৰ দিনটো

অসমৰ জাতীয় সংগীত- “ অ’ মোৰ আপোনাৰ দেশ ৷”

1 comment
■ গীতিকাৰ : লক্ষ্মীনাথ বেজবৰুৱা
■ সুৰকাৰ : কমলা প্ৰসাদ আগৰৱালা
■ গ্ৰহণৰ তাৰিখ : ১৯২৭ ইং চন ৷

অ’ মোৰ আপোনাৰ দেশ অসমৰ জাতীয় সংগীত । লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতাসমূহৰ ভিতৰত ই এক অন্যতম কবিতা৷ অসমৰ জাতীয় সংগীতটোৰ মূল কথাখিনি "মোৰ দেশ" নামেৰে ১৯১০ চনৰ মে' মাহৰ বাঁহীত (শ্ৰী কৃপাবৰ বৰুৱা ছদ্মনামত) আৰু ১৯১৩ চনত 'কদমকলি' পুথিত লক্ষ্মীনাথ বেজবৰুৱাই প্ৰকাশ কৰিছিল ৷ 

গীতটোৰ সুৰাৰোপ কমলা প্ৰসাদ আগৰৱালাই কৰিছিল । গীতটোৰ সুৰ আৰু পংক্তি সম্পৰ্কে বিভিন্ন মত পোৱা যায়৷ এই গীতটো আনুষ্ঠানিকভাৱে অসমৰ জাতীয় সংগীতৰূপে ১৯২৭ চনত তেজপুৰত অনুষ্ঠিত অসম সত্ৰ সন্মিলনত গৃহীত হয় ৷ এই গীতটো বেজবৰুৱাৰ কদমকলি গ্ৰন্থত সন্নিবিষ্ট আছিল ৷
(বেজবৰুৱা দেৱে লিখা মূল গীতটো)

■ গীতটিৰ জন্ম সময় :

লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা "মোৰ দেশ" শীৰ্ষক এই গীতটি বেজবৰুৱাদেৱৰেই সম্পাদিত মাহেকীয়া আলোচনী "বাঁহী"ত প্ৰকাশ হৈছিল ১৯১০ চনৰ মে' মাহৰ "বাঁহী" আলোচনীৰ ১৮৩২ শকৰ আহিন মাহৰ প্ৰথম বছৰ, সপ্তম সংখ্যাত । সেই সংখ্যাত বেজবৰুৱাদেৱৰ দুটি গীত প্ৰকাশ পাইছিল । 'মোৰ দেশ' আৰু আনটি গীতৰ নাম আছিল 'চন্দ্ৰা ৰাধাৰ দন্দ'। এই দুয়োটি গীতৰ ৰচিয়তা হিচাপে সেই সময়ত "শ্ৰীকৃপাবৰ" বুলিহে উল্লেখ কৰিছিল । পিছত ১৯১৩ চনত কলিকতাৰ পৰা প্ৰকাশিত বেজবৰুৱাদেৱৰ কবিতাপুথি কদমকলিত এই দুয়োটি গীত সন্নিবিষ্ট হৈ প্ৰকাশিত হয় । প্ৰথম অৱস্থাত এই 'মোৰ দেশ' নামৰ এই গীতটি ইংৰাজী সুৰত পৰিৱেশন কৰিব পৰাকৈ চাৰিটা স্তৱকত লিখা হৈছিল যদিও গীতটিৰ সুৰ-বিন্যাস কৰি সুৰত সজাবলৈ যাওঁতে ৰচক বেজবৰুৱাদেৱৰ পৰা অনুমতি গ্ৰহণেৰে শেষৰ চাৰিটি শাৰী, অৰ্থাৎ

"অ’ মোৰ আপোনাৰ দেশ
অ' মোৰ সুকীয়া দেশ
ৰা তা তা, ৰা তা তা,
অ' মোৰ মৰমৰ দেশ !"

অংশছোৱা জাতীয় সঙ্গীতটিত অন্তৰ্ভূক্ত কৰাৰ পৰা বিৰত থাকে । গীতটিৰ স্বকীয় বৈশিষ্টতা, গভীৰ জাতীয় প্ৰেম তথা স্বদেশ প্ৰেম আৰু জাতীয় পৰ্যায়ত সৰ্বজনৰ মনোগ্ৰাহী হ'ব পৰা গুণসম্পন্ন হোৱাৰ বাবে বিভিন্ন সময়ত ভালেকেইজন সঙ্গীতজ্ঞ সুৰকাৰৰ দৃষ্টি আকৰ্ষিত হৈ একাধিক সুৰকাৰে সুৰাৰোপিত কৰি গীতটিক এটি জাতীয় সঙ্গীতৰ স্বীকৃতি পাব পৰা গীত ৰূপে উপস্থাপন কৰে । অসমৰ অনেকজন সুৰকাৰে বিভিন্ন সময়ত এই গীতটিক সুৰেৰে সজাই তোলে আৰু গীতটিৰ ভাবাৰ্থই, অসম মাতৃক প্ৰতিনিধিত্ব কৰিব পৰা গুণৰ অধিকাৰী ৰূপে বিবেচিত হৈ কালৰ কোনো এক মাহেন্দ্ৰক্ষণত এই গীতটি অসমৰ 'জাতীয় সঙ্গীত' ৰূপে স্বীকৃতি লাভ কৰে । তৎমুহূৰ্তৰ পৰা গীতটিয়ে পূৰ্বৰ পৰিচয় 'মোৰ দেশ'ৰ ঠাইত 'অ' মোৰ আপোনাৰ দেশ' ৰূপে পৰিচিত হৈ প্ৰসাৰতা লাভ কৰে ।

■ বৰ্তমান পৰিৱেশন কৰা গীতটো :

অ’ মোৰ আপোনাৰ দেশ
অ’ মোৰ চিকুণী দেশ
এনেখন সুৱলা,
এনেখন সুফলা
এনেখন মৰমৰ দেশ ।

অ’ মোৰ সুৰীয়া মাত
অ’ মোৰ সুৱদী মাত
পৃথিৱীৰ ক'তো বিচাৰি জনমটো
নোপোৱা কৰিলেও পাত ।

অ’ মোৰ ওপজা ঠাই
অ’ মোৰ অসমী আই
চাই লওঁ এবাৰ মুখনি তোমাৰ
হেঁপাহ মোৰ পলোৱা নাই ।

■ অসম সংগীতৰ চৰকাৰী স্বীকৃতি :

২০১৩ চনৰ নৱেম্বৰ মাহত এই গীত সন্দৰ্ভত এক বিতৰ্কৰ সৃষ্টি হয় । তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত গোলাঘাটৰ অৰূপ বল্লভ গোস্বামী নামৰ এজন ব্যক্তিয়ে জনোৱা আবেদনৰ ভিত্তিত এই তথ্য পোহৰলৈ আহে যে, "অ' মোৰ আপোনাৰ দেশ"ক চৰকাৰীভাৱে জাতীয় সংগীতৰ মৰ্যাদা প্ৰদান কৰা হোৱা নাছিল । এই তথ্য প্ৰকাশ হোৱাৰ পিছত অসম চৰকাৰে এই গীতটিক চৰকাৰীভাৱে 'ৰাজ্যিক জাতীয় সংগীত'ৰ মৰ্যাদা দিবলৈ কাৰ্যব্যৱস্থা গ্ৰহণ কৰে ৷ ২০১৩ চনৰ ১৫ ডিচেম্বৰত অনুষ্ঠিত অসম চৰকাৰৰ এখন কেবিনেট বৈঠকে "অ' মোৰ আপোনাৰ দেশ"ক আনুষ্ঠানিকভাৱে অসমৰ জাতীয় সংগীতৰ মৰ্যাদা প্ৰদান কৰে ।

[সংগৃহীত]

Related Posts

1 comment

Post a Comment

Responsive Ads Here